'সপ্তশিখা'ৰ গুৰিকথা
জু বিন গাৰ্গ ! সংগীত জগতৰ বিস্ময় — যাৰ কণ্ঠত আছিল সুৰৰ মাধুৰ্য্য, মন আকাশত সৰলতাৰ বৈভৱ আৰু কৰ্মত আছিল নিষ্ঠাৰ পবিত্ৰতা। তেওঁৰ সৃষ্টিয়ে স্পৰ্শ কৰিছিল হৃদয়, শব্দই জাগ্ৰত কৰিছিল চেতনাৰ দীপশিখা আৰু তেওঁৰ জীৱন হৈ উঠিছিল প্ৰেৰণাৰ এক অনুপম গাঁথা। বহুমুখী প্ৰতিভাৰ আকৰ জুবিনৰ নাতিদীৰ্ঘ জীৱন আৰু বিশাল কৰ্মৰাজিৰ মাজত দগমগাই থকা সাতোৰঙী জ্যোতি — ‘সুৰ’, ‘সৰলতা’, ‘সমাজমুখিতা’, ‘কলা-সাহিত্য’, ‘পৰিবেশ চিন্তন’, ‘উদ্যমিতা’ আৰু ‘ক্ৰীড়ানুৰাগ’ ৰ কৰ্ষণেৰে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি ঢকুৱাখনীয়া ৰাইজৰ শ্ৰদ্ধা আৰু দায়বব্ধতাৰ শিখা অনিৰ্বাণ কৰি ৰাখিবলৈ সমাজৰ সকলো স্তৰৰ লোকৰ সহপ্ৰচেষ্টাৰে ঢকুৱাখনাত প্ৰতিষ্ঠা হোৱা ‘সপ্তশিখা‘ কেৱল এটি অনুষ্ঠানৰ নাম নহয়- ই সমাজ জীৱনৰ এক নতুন প্ৰয়াস ।