এটি স্বেচ্ছাসেৱী সংগঠন

সপ্তশিখা

সূৰ্যকণ্ঠ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

৫০০০-ৰৰো অধিক স্থানীয় শিল্পী-অনুৰাগীৰ জুবিন সংগীতৰ দলীয় পৰিবেশন আৰু ক্ৰীড়ামূলক-সাংস্কৃতিক কাৰ্যসূচীৰ মাধ্যমে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ জনশ্ৰদ্ধা জ্ঞাপন কৰাৰ এক সংগবদ্ধ চেষ্টা।

সপ্তশিখা সংগঠনৰ জুবিন গাৰ্গ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ প্ৰচারমূলক দৃশ্য
০১
আমাৰ কাহিনী

'সপ্তশিখা'ৰ গুৰিকথা

জু বিন গাৰ্গ ! সংগীত জগতৰ বিস্ময় — যাৰ কণ্ঠত আছিল সুৰৰ মাধুৰ্য্য, মন আকাশত সৰলতাৰ বৈভৱ আৰু কৰ্মত আছিল নিষ্ঠাৰ পবিত্ৰতা। তেওঁৰ সৃষ্টিয়ে স্পৰ্শ কৰিছিল হৃদয়, শব্দই জাগ্ৰত কৰিছিল চেতনাৰ দীপশিখা আৰু তেওঁৰ জীৱন হৈ উঠিছিল প্ৰেৰণাৰ এক অনুপম গাঁথা। বহুমুখী প্ৰতিভাৰ আকৰ জুবিনৰ নাতিদীৰ্ঘ জীৱন আৰু বিশাল কৰ্মৰাজিৰ মাজত দগমগাই থকা সাতোৰঙী জ্যোতি — ‘সুৰ’, ‘সৰলতা’, ‘সমাজমুখিতা’, ‘কলা-সাহিত্য’, ‘পৰিবেশ চিন্তন’, ‘উদ্যমিতা’ আৰু ‘ক্ৰীড়ানুৰাগ’ ৰ কৰ্ষণেৰে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি ঢকুৱাখনীয়া ৰাইজৰ শ্ৰদ্ধা আৰু দায়বব্ধতাৰ শিখা অনিৰ্বাণ কৰি ৰাখিবলৈ সমাজৰ সকলো স্তৰৰ লোকৰ সহপ্ৰচেষ্টাৰে ঢকুৱাখনাত প্ৰতিষ্ঠা হোৱা ‘সপ্তশিখা‘ কেৱল এটি অনুষ্ঠানৰ নাম নহয়- ই সমাজ জীৱনৰ এক নতুন প্ৰয়াস ।

'সপ্তশিখা'ৰ গুৰিকথা
সপ্তশিখাৰ দৰ্শন

"সুৰ হওক একতাৰ ভাষা, সেৱা হওক জীৱনৰ উৎকৃষ্ট শিল্প আৰু সমাজৰ হিত হওক সৰ্ব্বোচ্চ আনন্দ ।"

আমাৰ লক্ষ্য

সংগীত, সাহিত্য আৰু অভিনয়শিল্পৰ মাধ্যমে সৃষ্টিশীলতাৰ বিকাশ সাধন কৰা।

সমাজৰ সকলো স্তৰত দায়িত্ববোধ আৰু অংশীদাৰী মনোভাৱৰ প্ৰেৰণা দিয়া।

সাংস্কৃতিক আৰু শিক্ষামূলক কাৰ্যকলাপৰ মাধ্যমত পৰিৱেশ-সচেতনতা আৰু বৰ্তি থাকিব পৰা জীৱনপদ্ধতি গঢ়ি তোলা।

যুৱ সমাজক ক্ৰীড়াসুলভ মনোভাৱ, উদ্যোগশীলতা আৰু সহানুভূতিশীল নেতৃত্বৰ দিশে প্ৰেৰণা দিয়া।

জুবিন গাৰ্গ-প্ৰীতিক ইতিবাচক কৰ্মপ্ৰেৰণালৈ ৰূপান্তৰ কৰি ব্যক্তি-সমষ্টিৰ সৃজনশীলতা, মৰ্ম্মবোধ আৰু সামাজিক কৰ্ম-প্ৰৱণতাক সংগবদ্ধতাৰে আগুৱাই নিয়াৰ চেষ্টা কৰা।

ঘিলামৰা আৰু ঢকুৱাখনাত জুবিন গাৰ্গদেৱৰ দুটি প্ৰতিমূৰ্তি স্থাপন।

জুবিন গাৰ্গদেৱৰ নামত এখন সংগীত মহাবিদ্যালয় স্থাপন।

আমাৰ লক্ষ্য

আমাৰ লক্ষ্য

অনুষ্ঠিত হৈ যোৱা কাৰ্যসূচী

কাৰ্যসূচী

Football
১৮
নৱেম্বৰ
NORTH EAST UNITED FC Vs OIL INDIA LTD

NORTH EAST UNITED FC আৰু OIL INDIA LTD দলৰ মাজত মাতমৰাৰ বিষ্টুৰাম দলে ষ্টেডিয়ামত প্ৰদৰ্শনীমূলক ফুটবল মেচ।

বিষ্টুৰাম দলে ক্ৰীড়া প্ৰকল্প
চিত্ৰবিথীকা চাওক →
Music
৩০
নৱেম্বৰ
সংগীতানুষ্ঠান

৫০০০-ৰ অধিক শিল্পীৰ দ্বাৰা জুবিন গাৰ্গৰ গীত পৰিৱেশন

৩০ নৱেম্বৰ, ২০২৫ তাৰিখে স্থানীয় শিল্পী-অনুৰাগীৰ দ্বাৰা জুবিন গাৰ্গৰ গীত পৰিৱেশন।

চিত্ৰবিথীকা চাওক →

অনুষ্ঠিত হৈ যোৱা কাৰ্যসূচী

জুবিনৰ জন্মদিন উপলক্ষে শ্ৰদ্ধাঞ্জলী ফুটবল খেল। ⚽
জুবিনৰ গীত পৰিবেশন।